তুমি শুদ্ধ বুদ্ধ নিত্য নির্ন্মল নির্গুণ দেৱ।
মোৰ প্রভু নাৰায়ণ এ
স্বৰূপ আনন্দে সদা সুখী।
হৰি হৰি তুমি নিজানন্দে সদা সুখী।
আমি মুঢ়মতি ঘোৰ অবিদ্যা সাগৰে মজি
মোৰ প্রভু নাৰায়ণ এ
তোমাক নজানি ভৈলোঁ দু:খী
হৰি হৰি, স্বৰূপ নজানি ভৈলোঁ দু:খী হৰি এ।।
অখণ্ডিত সদা শুদ্ধ চৈতন্য শক্তিৰ বলে
মোৰ প্রভু নাৰায়ণ এ
তুমি দুৰ কৰি আছা মায়া
হৰি হৰি তোমাৰ নিকটে নাহি মায়া
তোমাক নভঁজো পদে মায়ায়ে মুহিলে মোক
মোৰ প্রভু নাৰায়ণ এ
আৱে কৃপাময় কৰা দয়া।
হৰি হৰি মায়াক নিৱাৰি কৰা দয়া হৰি এ।
দৈৱকী নন্দন দেৱ দেৱকী নন্দন দেৱ
দীন বন্ধু দামোদৰ এ
হৰি হৰি চৰণে উদ্ধাৰ কৰা মোক।
প্রাণ বন্ধু ইবাৰ নেৰিবা হৰি মোক।
ভকতি মিনতি স্ত্ততি প্রণতি নজানোঁ মই
দীন বন্ধু দামোদৰ এ
হৰি হৰি, আৱে মোৰ কেনে গতি হোক
* প্রাণবন্ধু মোৰ মন তোমাত ৰহোক হৰি এ।। *(ঘুষিব লাগে)
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত