দ্বাদশ যুগল পটল: নামছন্দ

* ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ জয় নাৰায়ণ।  * (ঘুষিব লাগে)
* মোৰ প্রভু নাৰায়ণ পৰমানন্দ হৰি, পৰমানন্দ, অ
পৰমানন্দ পৰমানন্দ হৰি পৰমানন্দ। * (ঘুষিব লাগে)
ৰাম কৃষ্ণ ৰাম কৃষ্ণ প্রভুদেৱ নাৰায়ণ নাৰায়ণ,
' নাৰায়ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ প্রভূদেৱ।* (ঘুষিব লাগে)

(বিষম তাল)
গোপাল গোবিন্দ হৰি ৰাম ৰাম।
এ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম হৰি হৰি ৰাম।। (তাল ঠুকণী)
পৰম পুৰুষ শিৱ সনাতন।
এ অনন্ত অচ্যুত নিত্য নিৰঞ্জন হৰি হৰি ৰাম।। (তাল ঠুকণী)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত