ত্রয়োদশ যুগল পটল: কাকুতি

(অ' হৰি এ) কিমতে ভকতি কৰিবো তোমাত হৰি এ,
অ, ৰাম মই মুঢ়মতি নাজানো তাৰ উপায় ৰাম ৰাম *(ঘুষিব লাগ)
(অ' হৰি এ) মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ
(ঐ ৰাম)  আমাৰ মনক তেজিয়া দুৰ নাযায় ৰাম ৰাম।।
(অ' হৰি এ) তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ
   (ঐ ৰাম) অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ ৰাম ৰাম।।
   (অ' হৰি এ) অভয় চৰণে শৰণ পশিলো হৰি এ
(ঐ ৰাম) তুৱা গুণনাম ভকতি প্রদীপ চাওঁ ৰাম ৰাম।।
(অ' হৰি এ) ভকতি মিনতি     প্রণতি নজানো হৰি এ
   (ঐ ৰাম) মোত পৰে জ্ঞান-শূন্য হীন মতি নাই ৰাম ৰাম।।
(অ' হৰি এ) তুমি প্রভূ কৃপাৰসেৰ     সাগৰ হৰি এ
* (ঐ ৰাম) দিয়ো মোক তুৱা পদছায়া তলে ঠাই ৰাম ৰাম।। *(ঘুষিব লাগ)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত