ত্রয়োবিংশ যুগল পটল: শৰণ ছন্দ

দয়া কৰা দয়া কৰা মোৰে     হে ৰাম ৰাম
তোমাৰ চৰণ হৰি         হৃদয় পঙ্কজে ধৰি
*মুখে লৈবো তুৱা গুন নাম ও যদুমণি ৰাম ৷৷ *(ঘুষিব লাগে)

ৰাম কৃষ্ণ বুলি অনাথে ডাকৈ এ, হৰি নাৰায়ণ।
অনাথক দয়া কৰা কৃপাময় এ, হৰি নাৰায়ণ।।। (ঘুসিব লাগে )
নাৰায়ণ নাৰায়ণ         নাৰায়ণ নাৰায়ণ
জয় নাৰায়ণ।
তোমাৰ অৰুণ     চৰণ পঙ্কজে
নিমজোক মেৰি মন এ।।
নাৰায়ণ নাৰায়ণ
    তুৱা চৰণে আমাৰ মজোক মন
    জয় ৰাম।।।(ঘুষিব লাগে)

এ ৰাম ৰাম জয় পৰমানন্দ।
পিয়ো তযু চৰণ কমল মকৰন্দ।।
এ ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ।

তযু পদ কমলে মাজোক মেৰি মন।।
এ ৰাম ৰাম কৃষ্ণ ৰাম নিৰঞ্জন।
তুমিসে ঈশ্বৰ দেৱ ভকত ৰঞ্জন।।

এ ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
* তুমি গুণ নিয়ন্তা নিৰ্গুণ গুণ ধাম।। *(ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত