You are here

পঞ্চদশ যুগল পটল: নাম ছন্দ

ৰাম ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি
* অ' ৰামতে ৰামোহো অবিৰাম। *(ঘুষিব লাগে)

অ ৰাম ৰাম ৰাম নামে ধর্ম্ম অনুপাম হৰি হৰি।
অ' পুৰে ভকতৰ মনস্কাম।।
অ ৰাম ৰাম কলিযুগে ৰাম নামে সাৰ - হৰি হৰি,
অ' ৰামনাম বিনে নাহি আৰ।
অ ৰাম ৰাম ৰাম বুলি পাৱে ভৱ পাৰ হৰি হৰি
অ' ৰাম নামে জগত উদ্ধাৰ।
অ ৰাম ৰাম ৰাম নামে অমূল্য ৰতন, হৰি হৰি
অ' ৰাম নাম বিনে নাহি ধন।।
অ ৰাম ৰাম ৰাম নামে মুক্তি বিড়ম্বন হৰি হৰি।
অ' জপৰাম নাম অনুক্ষণ।।
অ ৰাম ৰাম ৰাম নামে ভকতি সুগম হৰি হৰি
অ' নাহি ভক্তি ৰাম নাম সম।।
অ ৰাম ৰাম ৰাম নাম ধৰ্মতে উত্তম হৰি হ্‌ৰি।
* অ' ৰাম নামে পাতকৰ যম। *(ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত