একাদশ যুগল পটল: শৰণ ছন্দ (কাৰুণ্য)

এ জয় জগজীৱ মোৰে প্রাণ,
    (হায়) মোৰে প্রাণধন বান্ধৱ মুৰাৰি।
শ্রৱণ আনন্দে     শুনিছো গোবিন্দ
    তুমি দীন দু:খহাৰী।।
মোৰে  জীৱধন গোপীনাথ
    প্রাণ গোপীনাথ পশিলোঁ শৰণে।
মোৰ প্রাণ মন     মজিয়া ৰহোক,
    তোমাৰ চৰণে।।
দুগুটি অক্ষৰ ৰাম নাম,
    শ্রীৰাম নাম অমিয়া মাধুৰী ঝুৰে।
অতি সুকোমল      পৰম মঙ্গল
    সবে মনোৰথ পুৰে।
জয় জয় নিত্য নিৰঞ্জন
    নিত্য নিৰঞ্জন দেৱশিৱ সনাতন।
পৰম অভয়     তোমাৰ চৰণ
    তাপ তিনি বিনাশন।।
দয়াশীল দেৱ দামোদৰ,
    তুমি দীন জন বন্ধু।
পতিত পাৱন     তুমি কৃপাময়,
    কেৱলে কৰুণা সিন্ধু।।
হৰি হৰি হৰি হৰি এ হৰি হৰি হৰি
    তুমি কৃপাময় দীন দু:খ বিনাশন।
ভৃত্য ভয়হাৰী     জানিয়া তোমাৰ,
    চৰণে লৈলোঁ শৰণ।।
হে কৃষ্ণ দীন দয়াশীল
    দীন দয়াশীল দয়া নাছাৰিবা মোক।
অজ্ঞান তিমিৰ     নাশিয়া বিজ্ঞান,
    প্রদীপ প্রভূ দিয়োক।।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
    ৰাম কৃষ্ণ ৰাম কৃষ্ণ অগতিৰ গতি
অচিন্ত্য অনন্ত     সুখেৰ সাগৰ
    কৃষ্ণৰ পদ ভকতি।।
হে প্রাণ প্রভূ কৃষ্ণদেৱ
    প্রাণ কৃষ্ণদেৱ দীনক কৰিয়ো দয়া।
পৰম তাপিতে      মাগোহোঁ তোমাৰ
    শীতল চৰণ ছায়া।।
প্রাণ প্রিয়তম যদু দেৱ
    দিয়ো  মোক এহি দান।
কৰায়ো তোমাৰ চৰণ সেৱাৰ
    সন্তোষ অমিয়া পান।।
* নমো ৰাম কৃষ্ণ সদাশিৱ
    সদাশিৱ কৃষ্ণ তুমি জগতৰ পতি
অপায় ৰহিত     মাগোহোঁ ভকতি
চৰণে কৰি প্রণতি। * (ঘুষিব লাগ) 


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত