সপ্তদশ যুগল পটল: শৰণ ছন্দ (কাকুতি)

আমি যত জীৱ     তোমাৰ পালন
    হৰি হৰি হৰি হৰি এ
তুমিসে পালিয়া ফুৰা হুয়া অন্তর্যামী।
আৱে যেৱে নিজ     ভৃত্য বুলি পালা
    হৰি হৰি হৰি  হৰি এ
* তেৱেসে কৃপালু কৃতকৃত্য হওঁ আমি।। *( ঘুষিব লাগে)
তুমি যাক পালা     সিওঁ জন আমি
    হৰি হৰি হৰি  হৰি এ
সংসাৰ নিকাৰ ভুঞ্জিয়া ফুৰো বহুত।
তোমাৰ অধীন     হুয়া কেনে আমি,
    হৰি হৰি হৰি হৰি এ
ভৈলোহোঁ স্বতন্ত্ৰ ইটো কিনো অদভূত।।
তোমাক পৰম     ঈশ্বৰ নামানি
    হৰি হৰি হৰি হৰি এ
মহা অহঙ্কাৰে দ্রোহ আচৰিলো আমি
আৱে তযু পদে     শৰণ পশিলো
    হৰি হৰি হৰি হৰি এ
মই দ্রোহীয়াৰ দোষ ক্ষমা কৰা স্বামী।।
দাস হুয়া তযু     সেৱা নকৰিলো
    হৰি হৰি হৰি হৰি এ
    ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই।
তুমি পুণু প্রভু     সহজ কৃপালু
    হৰি হৰি হৰি হৰি এ
    শৰণ পশিলো ক্ষমিবে প্রভু যুৱাই।।
মই অজ্ঞানীৰ     যতেক অজ্ঞান
    হৰি হৰি হৰি হৰি  এ
    কথা কহি কোনে সীমা কৰিবেক তাক।
ইটো মোৰ ঘোৰ      দোষ পৰি হৰি
    হৰি হৰি হৰি হৰি এ
    কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক।।
প্রিয়তম আত্মা      ঈস্বৰ দেৱতা
    হৰি হৰি হৰি হৰি এ
    * কৃষ্ণসে সুহৃদ বান্ধৱ গুৰু আমাৰ
কৃষ্ণৰ চৰণ     পঙ্কজ বিনায়
হৰি হৰি হৰি হৰি এ
* মই অনাথৰ গতি নাহি নাহি আৰ।। *(ঘুষিব লাগে)
(বৰাপেটাত ঘুষণিত:- কৃষ্ণসে সুহৃদ...........। মই অনাথৰ গতি........... গায়। )


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত