চতুর্দশ যুগল পটল: নামছন্দ

হৰি হৰি পৰমানন্দ প্ৰভূ পীতাম্বৰ হৰি পীতাম্বৰ অ
    * পীতাম্বৰ পীতাম্বৰ প্ৰভূ পীতাম্বৰ।। (ঘুষিব লাগে)
হৰি হৰি ৰাম,     বান্ধৱ হৰি ৰাম অ
    হৰি হৰি এ,(এ হে) * নাৰায়ণ জয় গোবিন্দ ৰাম।। *(ঘুষিব লাগে)
পৰমানন্দ জয়      পৰমানন্দ
    হৰি হৰি হৰি হৰি হৰি হৰি এ
    অ' হৰি হৰি এ, (এ হে) পৰমানন্দ জয় পৰমানন্দ।।
কমলাকান্ত জয়     কমলাকান্ত
    কমললোচন বনমালী হৰি এ
অ' বনমালী এ---(এ হে)  কমলাকান্ত জয় কমলাকান্ত।
দামোদৰ প্রভু     দামোদৰ
    দৈৱকীনন্দন দীনবন্ধু হৰি এ
অ দীনবন্ধু এ -(এ হে) দামোদৰ দেৱ দামোদৰ।। *(ঘুষিব লাগে)
জগত জীৱন ৰাম যদুপতি      জগত জীৱন ৰাম হৰি হৰি
    জগত জীৱন ৰাম অ৷৷
জগত জীৱন ৰাম যদুপতি      জগত জীৱন ৰাম হৰি হৰি
    জগত জীৱন ৰাম ৷৷ (তাল ধিমাব)
    জগ জীৱন ৰাম জগ জীৱন ৰাম অ
    জগতৰ সুমঙ্গল তুৱা গুণ নাম।।
    মধুসুদন দেৱ মধুসুদন দেৱ অ
    তুমি বিনে অগতিৰ গতি নাই কেৱ।
    * বন্ধু মাধৱ হে বন্ধু মাধৱ হে অ
    তুৱা বিনে আছে আৰু তাৰক কেৱ । *(ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত