চতুর্দশ যুগল পটল: শৰণ ছন্দ (কাকুতি)

* হৰি এ কৰুণা সিন্ধু        জীৱন বন্ধু
     গতি মতি তুমি নাৰায়ণ অ'
    অ, তুৱা গুণ নাম ভকতৰ মহাধন।। *(ঘুষিব লাগে)
পতিত বুলিয়া মোকে          হৰি হৰি এ ৰাম,
    তেজিতে নাপাৰা নাৰায়ণ ,
পৰম কৰুণা গুণে          হৰি হৰি এ ৰাম
    নাম ধৰিছা পতিত পাৱন। (তাল ধিমাব)
দয়াৰ ঠাকুৰ হুয়া         দয়া কেনে নকৰয়।
    ৰাম কৃষ্ণ নাৰায়ণ দীন দয়াময়।। (তাল ধিমাব)
    অ' মোকে কৃপা কৰা হৰি এ  দান্তে  ধৰো তৃণ অ,
    তুমি কৃপা ময়ক নাজানো এত দিন এ।
    মোক কৃপা কৰা হৰি এ।। ..,,.......,,
    অ মোক কৃপা কৰা এ
    ঐ বন্ধু ৰাম, মোৰ প্ৰভূ ৰাম
    * নেৰোক মুখে ৰাম কৃষ্ণ নাম
        মোক কৃপা কৰা এ।।
    (বৰপেটাত ঘুষিব লাগিলে *অ' হায় এ ........ এ নেৰোক মুখে ৰাম কৃষ্ণনাম, মোকে কৃপা কৰা এ)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত