উনবিংশ যুগল পটল: শৰণ ছন্দ ( প্রার্থনা)

* যাদৱ         যদু নন্দন গোবিন্দ
মুকুন্দ মুৰৱিনাশী।
অবিদ্যা সাগৰে     মজিলো মাধৱ
উদ্ধাৰ কৰিয়ো আসি।। *( ঘুষিব লাগে)

* জীবন যাদৱ ৰায়         সোৱোঁহো তোমাৰ পায়
ৰাম নেৰিবা নফৰ দায়।
হৰি এ তুৱা পাৱে ৰতি যিমতে কৰিবো
    দিয়োক নাথ উপায়।। *( ঘুষিব লাগে)

*হে যদুপতি ৰাম         পুৰিয়ো মনস্কাম
ৰাম দিয়োক সেহি উপায়।
হৰি এ যেন মোৰ মন         তোমাৰ চৰণে
ৰহোক ৰতি সদায়।। *( ঘুষিব লাগে)
* যাদৱ জয় যদুপতি         তোমাৰ চৰণে লাগো
শ্রৱন কীর্ত্তন         নির্ম্মল ভকতি
কাকুতি কৰিয়া মাগো।।*( ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত