বিংশ যুগল পটল: শৰণ ছন্দ

* দীন দয়াশীল যাদৱ সেৱক লৈয়ো উদ্ধাৰি
দান্তে তৃণ কৰো         চৰণত ধৰো
    নেৰিবা মোক মুৰাৰি। *(ঘুষিব লাগে)
    কৰুণাময়           কৰুণা সাগৰ
কৃপাৰ            কৰুণা সিন্ধু।
তোমাৰ কৃপাৰ         আমি নোহো পাত্র
    তুমি পুনু দীনবন্ধু।।
    ৰাম কৃষ্ণ হৰি গোবিন্দ
    দীন দয়াশীল স্বামী।
তোমাৰ চৰণে         সহজ বাসনা
    শৰণ পশিলো আমি।।
    জয় যদুপতি যাদৱ
    তুমি অগতিৰ গাতি।
দান্তে তৃণ ধৰি         তোমাৰ চৰণে
    মাগোহোঁ সাধু সঙ্গতি।
    ৰাম কৃষ্ণ হৰি গোবিন্দ
    সেৱক ভৈলো তোমাৰ।
অভয় চৰণে         শৰণ পশিলো
    ছাড়িয়ো মায়া হামাৰে।।
    * গোবিন্দ গোপাল গোপীনাথ
    দয়া নাছাৰিবা মোৰে।
অসাৰ সংসাৰ         আৰ নাহি পাৰ
মজিলো এ দু:খ ঘোৰে।। *(ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত