অ হায় এ ৰাম কৃষ্ণৰাম হৰি ৰামচন্দ্র ৰাম ৰাম,
শ্রীৰাম দেৱ ৰঘুপতি।
হে প্রভু ৰঘুনাথ প্রণামো দমাই মাথ,
তুমি মোৰ হৈবা নিজ গতি হৰি ৰাম এ
ৰঘু কুল নন্দন মুৰাৰি।।
অ হায় এ গোপাল গোবিন্দ ৰাম গোপাল গোবিন্দ ৰাম
গোপাল গোবিন্দ জয় ৰাম।
তোমাৰ চৰণে হৰি কেৱল ভকতি বিনে
মোৰ আৰ নাহি আন কাম হৰি ৰাম।।
মোৰ আৰ নাহি আন কাম।।
* অ হায় এ গোপীনাথ গোপীনাথ গোপীনাথ গোপীনাথ
গোপীনাথ গোপীনাথ হৰি।
তোমাৰ অভয় দুই চৰণে শৰণ লৈলো
লৈয়ো মোক নিজ দাস কৰি হৰি ৰাম অ
* লৈয়ো মোক নিজ দাস কৰি।। *(ঘুষিব লাগে)
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত