অষ্টাদশ যুগল পটল: শৰণ ছন্দ ( প্রার্থনা)

অচিন্ত্য অনন্ত     শকতিৰ পতি
হৰি হৰি হৰি হৰি এ 
তুমি কৃপাময় দেৱ অগতিৰ গতি।
তুমি সত্য সনাতন     সদাশিৱ,
হৰি হৰি হৰি হৰি এ
*তোমাৰ চৰণে মাগোহো নির্ন্মল ৰতি।। *(ঘুষিব লাগে)
হে হৰি মোৰ মুখে     নছাড়োক
হৰি হৰি হৰি হৰি এ
পৰম নির্ম্মল তযু গুণনাম যশ।
কৰা কৃষ্ণ কৃপা      মনত মিলোক
হৰি হৰি হৰি হৰি এ।
* তযু পদ সেৱা পৰম অমিয়া ৰস।। *(ঘুষিব লাগে)
জয় জয় ৰাম     কৰুণা সাগৰ এ বাপ
মোকে নাৰায়ণ ইবাৰ কৰিয়ো দয়া।
অভয় চৰণে     শৰণ পশিলো এ বাপ
*প্রভু দামোদৰ দূৰ কৰা মোৰ মায়া। *(ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত