হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়
ৰামৰ নামে মাৰণা মাৰে পাপ কটকৰ ক্ষয়
পাপ বিপক্ষক সংহৰি হৰি
নামে খলখলি হাসে।
সকল ধর্ম্মৰ উপৰে বসিয়া
হৰিৰ নাম প্ৰকাশে।।
মুকুতি সুখক বশ্য কৰি হৰি,
নামে আনন্দত নাচে।
পুৰুষে সহিতে সখিত্ব কৰিয়া
চলয় হৰিৰ কাছে।।
আপোন নামৰ মহিমা দেখিয়া
হৰিৰ আনন্দ চড়ে।
যিটো নাম লয় হৰি তাৰ হয়
ই পুনু ৰহস্য বড়ে।।
হৰি গুণ নাম ভাবিয়া পুৰুষে
ৰহয় হৰিৰ পাশে।
* হৰিৰ চৰণ হৃদয়ে ধৰিয়া
কহয় মাধৱ দাসে।। *( ঘুষিব লাগ)
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 8273 reads