অষ্টাদশ যুগল পটল: নামছন্দ

হৰি হৰি হৰি     হৰি হৰি হৰি
হৰি হৰি হৰি হৰি এ
হায় এ প্রাণ বন্ধু     হৰি হৰি হৰি হৰি এ
এ . . . . মোৰ প্রাণধন হৰি এ হায়।
অনাদি অনন্ত     প্রভূ ভগৱন্ত
ভজো চৰণত ধৰি এ,
হায় . . . . এ হৰি হৰি, ভজো চৰণত ধৰি এ, হায়।
পতিত পাৱন     প্রভূ নাৰায়ণ
সেৱক লৈয়ো উদ্ধাৰি দীনবন্ধু
*সেৱক লৈয়ো উদ্ধাৰি গোবিন্দ জয় ৰাম।।*(ঘুষিব লাগে)
মুৰাৰি মুকুন্দ ৰাম     মুৰাৰি মুকুন্দ ৰাম
মুৰাৰি মুকুন্দ ৰাম জয়।
সুমৰণে পাপক্ষয়     মিলে মহা মহোদয়
দুঃখচয় গুচে শোক ভয়
হৰি ৰাম মুৰাৰি মুকন্দ ৰাম জয়।।
অ হায় এ ৰাম কৃষ্ণ গোবিন্দ     ৰাম কৃষ্ণ গোবিন্দ
ৰাম কৃষ্ণ গোবিন্দ হৰি।
বনমালী বাসুদেৱ     পদ্মনাভ জনার্দ্দন
মাধৱ মুকন্দ মুৰাৰি,
হৰি ৰাম, . . . . . . . . . . মাধৱ মুকুন্দ মুৰাৰি।।
অ হায় এ মাধৱ মধুৰ     মুৰুতি মধুসুদন
দনুজ দমন দু:খহাৰী
পীতাম্বৰ ধৰ     শ্যাম সুন্দৰ হৰি
* জয় জয় মুকুন্দ মুৰাৰি
হৰি ৰাম . . . . . . . জয় জয় মুকুন্দ মুৰাৰি।। *(ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত