তুমি প্রাণ প্রিয়তম সুহৃদ পৰম দেৱ
প্রাণ প্রভু পীতাম্বৰ এ
তুমিসে কেৱল আত্মা মোৰ
হৰি হৰি, তুমিসে পৰম আত্মা মোৰ
তোমাক নাজানি জড় মিছা শৰীৰক মই
প্রাণ প্রভু পীতাম্বৰ এ
আত্মা বুলি ভৈলো সেৱা চোৰ
* অ' প্রাণ বন্ধু। কিনো মই অজ্ঞানী দুর্ঘোৰ
(হৰি এ) । * ( ঘুষিব লাগে)
(খেদ) দুৰ্ব্বাৰ দু:সঙ্গ দুৰ্ব্বাসনা দুষ্ট
হৰি হৰি হৰি হৰি এ
অনাদি অবিদ্যাই আপুনি ভৈলোঁ মোহিত।
অনাত্মা দেহক আত্মা বুদ্ধি কৰি
হৰি হৰি হৰি হৰি এ
তুমি পৰমাত্মা ঈশ্বৰে ভৈলোঁ বঞ্চিত।।
আত্যান্তিক সুখ তযু পদসেৱা
হৰি হৰি হৰি হৰি এ
সেৱা পৰি হৰি সি সুখে ভৈলোঁ বঞ্চিত।
মায়াময় ঘোৰ সংসাৰ নিকাৰ
হৰি হৰি হৰি হৰি এ,
তাকে সুখ মানি মগ্ন ভৈল মোৰ চিত্ত।।( ঘুষিব লাগে)
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত