চতুর্থ যুগল পটল: শৰণ ছন্দ (উপদেশ)

ৰাম কৃষ্ণ হৰি বুলিয়ো মুখে     হৰি পদে মন মজায়ো সুখে।
ৰাম বুলি ফুৰা বাহু আছাৰি     কপঁটৰ মোট পেলায়ো ফাড়ি।।
ভজ ভগৱন্ত ভকতি ভাৱে     নাম লৈয়ো গতি পতিতো পাৱে।।
ৰাম নাম খানি ফুৰিয়ো গায়া     কি কৰিবেক হৰিৰ মায়া।।
ৰাম নাম খানি লৈয়োক ডাটি     হেলায়ে মাৰিয়ো যমেৰ ঘাটি।।
মুখে ৰাম নাম গাৱ         মায়াৰ বাঝু মাৰিয়া যাৱ।।
ৰাম কৃষ্ণ নাম জপ সঘনে     হৰিৰ চৰণ নেৰিবা মনে।।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলো     আশা সমুদ্রৰ মন তোলা।।
ৰাম কৃষ্ণ হৰি বুলিয়ো ঝান্টে     মিলিবে মৰণ হাটে কি বাটে।। (তাল ধিমাব)

হৰিত শৰণ     লৈয়ো যিটো জন এ, (বাপ)
হৰিৰ চৰিত্র শ্রৱণ কীর্তন কৰে।
দুৰ্ঘোৰ অপাৰ     সংসাৰ সাগৰ এ (বাপ)
সিটো মহাজনে অতি অপ্রয়াসে তৰে।
ৰাম কৃষ্ণ ৰাম     কৃষ্ণ বোল ভাই এ (বাপ)
পৰম যতনে তেজিয়া যত অন্যায়।
তোমাক মই ভাণ্ডো     তুমি মোক ভাণ্ডা এ, (বাপ)
*চৈধ্যয় সাক্ষীক ভাণ্ডিবা কোনো উপায় *(ঘুষিৰ লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত