তৃতীয় যুগল পটল-শৰণ ছন্দ। (নমস্কাৰ)

দীন বন্ধু ৰাম      দয়াশীল দেৱ এ
তুৱা পদকমলে সদায় কৰো সেৱ। *(ঘুষিব লাগে)
মোৰ প্রভু ৰাম      কৰুণা সাগৰ এ
আমি দু:খিতক নছাৰিৱা দামোদৰ।।
মধুৰিপু ৰাম      কমল লোচন এ
তুৱা গুণ নামে ভৱভয় বিমোচন। (তাল ধিমাব)
বন্দোঁ মাবৱ     মধুৰিপু ৰাম।
তুৱা পদ কমল যুগল হৰি এ (তাল ধিমাব)
পিয়ো পিয়ো পিয়ো অমিয়া মাধুৰী হৰি নাম ৰাম ৰাম
* দুৰতে তেজিয়া থৈয়ো আন যত মনস্কাম, ৰাম ৰাম (ঘুষিব লাগে)

ৰাম কৃষ্ণ  ৰাম কৃষ্ণ বোল ভাই এ, সকল নিগমে ওহি সাৰ।
অ' সুমৰিতে হৰি বশ্য হোৱে ভাই এ, সুখে পায় ভৱনদী পাৰ।।
ভাল উপায় পাইলোঁ ভাই ভাই এ ৰাম নাম নিগম ৰহস্য ।
এক চিত্তে মনে ভাৱা , ভাই ভাই এ, যাৰে নাম তাকে কৰে বশ্য।।(ঘুষিব লাগে)

(বৰপেটা ঘুষণীত ও 'ৰাম নাম নিগম ৰহস্য , যাৰে নাম তাকে কৰা বশ্য গায়)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত