উনবিংশ যুগল পটল: নাম ছন্দ

ৰাম জয় হৰি জয়     ৰাম কৃষ্ণ ৰাম হৰি জয়।।
অ হৰি এ ৰাম কৃষ্ণ যিটো     সততে সুমৰে,
তাৰ আৰ কাক ভয়।
অ হৰি এ  সকল ধর্ম্মৰ         উপৰে বসিয়া
ৰাম নাম প্রকাশয়।।
অ হৰি এ ৰাম কৃষ্ণ নাম     কীৰ্ত্তনে বিনায়
কৃত্য শেষ নাথাকয়।
অ হৰি এ ৰাম কৃষ্ণ নাম     কীৰ্ত্তনে কৃষ্ণৰ
কৃপাৰ মন্দিৰ হয়।।
অ হৰি এ ৰাম কৃষ্ণ নাম     কীৰ্ত্তন প্রভাৱে
সংসাৰ সুখে কৰয়।
অ হৰি এ ৰাম কৃষ্ণ নাম     কীর্ত্তন সমস্ত
বিঘিনি নাশ কৰয়।।
অ হৰি এ ৰাম কৃষ্ণ নাম     ৰসক লভিয়া
মুকতিকো নগনয়।।
অ হৰি এ ৰাম কৃষ্ণ নাম     পৰম আনন্দ
সমূদ্রে মজি থাকয়।।
অ হৰি এ ৰাম কৃষ্ণ নাম     কীৰ্ত্তন প্রসাদে
হৰিৰ বল্লত হয়।।
অ হৰি এ ৰাম কৃষ্ণ নাম     কীৰ্ত্তন কৰিয়া
হৰিকো বশ্য কৰয়।।( ঘুষিব লাগ)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত