একবিংশ যুগল পটল: নাম ছন্দ ( খেদ )

|| ঘোষা ||: 

হৰি হৰি হৰি হৰি হৰি হৰি হৰি
কি কাম কৰিলো আমি।


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

ঘোষা: হৰি হৰি, হৰি হৰি,        হৰি হৰি হৰি,

কি কাম কৰিলো আমি |

পদ:   সাধু সঙ্গ লৈয়া         তোমাক নভজি
ভৈলো কিনো অধোগামী।
অ হৰি এ নিজ দাস হুয়া     সেৱাক তেজিলো
এহি দোষে ঘোৰ আপদে মজিলো।।
অ হৰি এ তুমিসে হৃদয়     আত্মা প্রিয়তম
তোমাক নভজো কি মই অধম।।
অ হৰি এ তুমি নিজ পিতৃ     গুৰু ইষ্ট মোৰ।
মইমন্দ মতি ভৈলো সেৱা চোৰ।
অ হৰি এ অধমকো তাৰে     তোমাৰ ভকতি।
তথাপি তোমাক নভজো কুমতি।।
অ হৰি এ ইষ্ট দেৱ বুলি         তোমাক নধৰো।
নিকাৰ ভূঞ্জিয়া সংসাৰতে মৰো।।
অ হৰি এ তুমিসে কেৱলে     কৰুণা সাগৰ।
তোমাক নভজো কি মই পামৰ।।
অ হৰি এ এৱে কৃপাময়     দিয়োক শৰণ।
দোষ মৰিষণ তোমাৰ চৰণ।।
অ হৰি এ ইবাৰ ঈস্বৰ         নাছাড়িবা মোক
মোৰ মন মজি তেমাত ৰহোক।। (ঘুসিব লাগে)