তেমাৰেসে নিজ ভৃত্য ভৈলো হৰি এ,
কৃপাৰ সাগৰ তুমি মোৰ নিজ স্বামী।
মই অনাথক নবাঞ্চিবা হৰি এ
* তযু সেৱাৰস আশা কৰি আছো আমি।।।*(ঘুষিব লাগে )
বেদৰ গুপুত বিত্ত নাৰায়ণ এ
দৈৱকীত হন্তে সাক্ষাতে ভৈলা বিদিত।
জীৱৰ তৰণ হেতু নাৰায়ণ এ
প্রচাৰিলা নিজ যশ ধৰ্ম্ম বিপৰীত।।
ভকতৰ বশ্য হৈবাক শঙ্কায় এ
যোনো মোক তুমি দাস পৰিহৰা হৰি।
ইয়ো শঙ্কা হৰি দূৰতে তেজিয়া এ,
লৈয়োক তোমাৰ ভৃত্যৰ অধীন কৰি।।
তোমাৰ গুণৰ মহিমা দেখিয়া এ
আন যত কাম দূৰতে তেজিয়া থৈলোঁ।
তযু পদ সেৱা ৰসক আশায় এ
তোমাৰ একান্ত ভৃত্যৰ কিঙ্কৰ ভৈলো।।
সহজ কৃপালু গুণক প্রকাশি এ
ধৰি আছা হৰি ভকত বৎসল নাম।
ধেনু যেন মতে বৎসক পালয় ও
* তুমি সেহিমতে ভকতক পালাৰাম।।*(ঘুষিব লাগে)
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত