ষষ্ঠ যুগল পটল: শৰণ চন্দ আত্ম উপদেশ

বিষয় বিকলে নমৰা মন     সদায়ে চিন্তিয়ো হৰি চৰণ।।
নিগম নিগুঢ় হৰিৰ নাম         নলৈয়া মন কৰ কোন কাম।।
ভৱসিন্ধু সেতু হৰি চৰণ     যম কাল মায়া দু:খ তৰণ।।
কপট আচাৰ তেজিয়া মন     কেৱলে ভজিয়ো হৰি চৰণ।।
কৈতৱ তেজিয়া ভজিয়ো হৰি     তেৱেসে হৰি লৈব দাস কৰি।।
হৰিৰ আশ্রয় নেৰিয়ো ভাই     ঐকান্তিক সুখ তেৱেসে পায়।।
একান্তে হৰিত কৰিয়ো ৰতি     হৰিসে নিজ ভকতৰ গতি।।
সৰ্ব্ব পুৰুষাৰ্থ কৈতৱ জান     হৰি মাত্র সত্য বেদ প্রমাণ।।
পৰম শ্রেয়স হৰি ভকতি     জানি হৰি পাৱে কৰিয়ো ৰতি।।
হৰি গুণ নাম কৰিয়ো সাৰ     নিজ যশ প্রিয় জগ আধাৰ।।
বিধিৰ কিক্মৰ তেজি ভকতি     গায়ো হৰিযশ নির্মল মতি।।
লৈয়ো একমাত্র সাধু সঙ্গতি     তেৱেসে নির্ম্মল হৈব ভকতি।।
যাৱত কৈতৱ নেড়স মন     তাৱত নাপাইবি হৰি চৰণ।।
কৈতৱ সত্য জান ভাল কৰি     ভজিয়ো হৰিক কৈতৱ এৰি।।
হৰিত বিনাই সৱে কৈতৱ     ভজ হৰি পাৱে কৰি উৎসৱ।।
ক্ষণিক জীৱন জানি মনাই      তৰিয়ো সুখে হৰি গুণ গাই
দুর্ঘোৰ সংসাৰ নিকাৰ জানি     নেৰিবা মুখে সদা ৰাম বাণী।।
তেৱেসে হৰিৰ পাইবা আশ্রয়     ভজিয়ো হৰি তেজি লাজ ভয়।।
নির্গুণ হৰিৰ গুণক গায়া     পৰমানন্দ পাইবা তেজিমায়া।।
হৰি গুণ নাম নিগম তত্ব     মুকুত সৱৰো মুখ্য সন্মত।।
* জানি হৰি পাৱে নেড়িয়ো আশ কহে মুঢ়মতি মাধৱ দাস।।*(ঘুষিব লাগে)
* ৰাম কৃষ্ণ ৰাম কৃষ্ণ         ৰাম কৃষ্ণ ৰাম কৃষ্ণ
ৰাম কৃষ্ণ বোল মন ভাই।
হৰিয়ো সন্তোষ হয়         গুচয় সংসাৰ ভয়
হৰিপদ সেৱা সুখ পাই * হৰি ৰাম * (ঘুষিব লাগে) 
 


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত