* ৰাম নিৰঞ্জন এ অ' ৰাম
(অ') নিৰঞ্জন (অ') নিৰাকাৰ হৰিৰে নাম।। * (ধুষিব লাগে)
(অ') ৰাম সদাশিৱ এ মোৰ প্রাণ
(অ') সদাশিৱ (অ') সনাতন প্রভূৰে ৰাম।।
(অ') ৰাম দয়াশীল এ মোৰ প্রভূ
(অ') দয়াশীল (অ') দেৱ দীন বন্ধুৰে ৰাম।।
অ' ৰাম ৰাম ৰাম ৰাম
(অ') হৰি হৰি গোপাল গোপাল।।
অ' যদুৰে যদুৰে
আৰে বাপ কমললোচন।
* মন ভজৰে ভজৰে
(অ') আৰে মন হৰি চৰণত।।*( ঘুষিব লাগে)
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত