পঞ্চম যুগল পটল: শৰণ ছন্দ (মহিমা)

ভাৰত বৰিষ ধন্য কলিযুগ হৰি হৰি হৰি হৰি এ,
হৰি হৰি হৰি ব্ৰহ্মাৰ প্রাৰ্থনী নৰতনু অনুপাম
হৰিত একান্তে শৰণ পশিয়া হৰি হৰি হৰি হৰি এ
হৰি হৰি হৰি ধর্ম্মশিৰোমণি ঘুষিয়ো হৰিৰ নাম।। (ঘুষিব লাগে)

বিচাৰি দেখহ     পামৰু মনাই এ
ইহ পৰলোক হৰিসে পৰম বন্ধু ৰাম ৰাম।
মজিয়া ৰহোক     সুহৃদ মনাই এ
হৰি গুণ নাম অপাৰ আনন্দ সিন্ধু ৰাম ৰাম।।
নিচিন্তি আছস     কমনে মনাই এ
সুখেৰ সাগৰ হৰিত নকৰি ৰতি ৰাম ৰাম।
আলাস তেজিয়া     ভজিয়ো মনাই এ
ভৃত্য ভয়হাৰী হৰিসে পৰম গতি ৰাম ৰাম।(ঘুষিব লাগে)

ৰাম কৃষ্ণ ৰাম কৃষ্ণ      বোলৰে পামৰ মন
ভুলিয়ো কমনে পাপী মৰ।।

যাৰ মায়া পাশে বন্দী     হুয়াছ পামৰ মন

তানে দুই চৰণত ধৰ|
ৰে পামৰু মন      ভুলিয়ো কমনে পাপী মৰ।। (তাল ধিমাব)
* গোবিন্দ বোল মনাই     মুকুন্দ বোল মনাই
এ . . . ব্রহ্মা হৰে যাত শৰণ পশয়
আনৰ কোন বড়াই।৷ (ঘুষিব লাগে)
(ঘুষণীত বড়াই গোবিন্দ বোল মনাই, মুকুন্দ বোল মনাই গাব) 


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত