প্ৰথমে : কৃষ্ণ শংকৰ গুৰু হৰি ৰাম
১। প্ৰসংগ গুৰু ভটিমা ২ ফাকি গাব লাগে
২। গুৰুক সোৱঁৰিব লাগে
৩। পুৱাৰ ভটিমা (পুৱাৰ বেলা)
প্ৰাতস সময়ে যশোৱা জননী
মুখ চুম্বিত শ্যাম জগাৱনকো।
উঠ মেৰি লাল মদন গোপাল
আবে তেৰে গোৱাল বুলাৱনকো।।
অব ৰুটিয়া লেহু মাখন চঞ্চ পুৰি
মুৰলী লেহু শ্যাম বজাৱনকো।
বৃন্দাবনে যোহি আনন্দ কৰু
যমুনা তটে ধেনু চৰাৱনকো।।
ছোড়ি ভৱন চলহু নন্দ নন্দন
গো ধন চাৰণ তাৰণ ৰে।
দাম সুদাম সখা সৱ মিলত
আনন্দে গোবিন্দ খেলঙ্গৱত ৰে।।
শত শত বৎস বিমল তৰুণ
নবীন ছবীন ভুলাৱত ৰে।।
গিৰিপতি ধ্যান তেজি অৱধান
মুৰাৰীক সান বিমোহিত ৰে।
তুহু জগন্নাথ কি দাসকি মাধৱ
মহু ভৰি ৰাম কহাৱত ৰে।।
৪। আবেলিৰ প্ৰসঙ্গৰ বাবে প্ৰথমে গুৰু ভটিমা, দ্বিতীয়তে গুণমালা বা দেৱ ভটিমা গাব লাগে
৫। ইয়াৰ পিছত যিকোনো এটা বৰগীত গাব লাগে।
৬। কৃষ্ণ ডাকা নাম
(ওপৰৰ খিনি কেৱল পাঠকেহে গাব)
- কৃষ্ণ ৰাম
- কৃষ্ণ ৰাম
- কৃষ্ণ ৰাম
- কৃষ্ণ ৰাম
- কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম
- কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম
- কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম
- কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম
(তাল চাব দি) কৃষ্ণ হৰি ৰাম হৰি ৰাম এ ৰাম ৰাম
অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ।
কৃষ্ণ হৰি ৰাম হৰি ৰাম অ ৰাম ৰাম।
অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ (ঘুৰিব) সাতবাৰ গাব
৭। ইয়াৰ পিছত যিকোনো এক যোৰ যুগল পটল গাব লাগে।
৮। যুগল গোৱাৰ পিছত কীৰ্ত্তন এটি কীৰ্ত্তনঘোষাৰ পৰা গাব লাগে
৯। পুৱাৰবেলা সামৰণি
কৃষ্ণ হৰি ৰাম গোপাল গোবিন্দ
যাদৱ মাধৱ গোপাল গোবিন্দ
ৰাম ৰাম ৰাম ও হৰি
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
ৰাম ৰাম ৰাম ৰাম ৰাম (তিনিবাৰ কৈ)
৯। আবেলিৰবেলা সামৰণি
কৃষ্ণ হৰি ৰাম গোবিন্দ মাধৱ প্ৰাণ বান্ধৱ
ৰাম কৃষ্ণ হৰি হৰি
ৰাম ৰাম ৰাম ও হৰি
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
ৰাম ৰাম ৰাম ৰাম ৰাম (তিনিবাৰ কৈ)
১০। চাৰি জয় গাব লাগে
- জয় ৰাম
- জয় নাৰায়ণ
- জয় কৃষ্ণ
- জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ
সামৰণি
১১। অপৰাধ বিনাশন ঘোষা আৰু
১২। গুৰু বন্দনা গায় সামৰিব লাগে
- 321 reads
Add new comment