ৰাগ।। নটমল্লাৰ
ধ্ৰুং- অব সখি পেখাে মদন গােপাল।
হাৰ কিৰীটি কুণ্ডল মণি শােহে
কণ্ঠে কদম্বকু মাল।
পদ- কৰতলে বেণু ধেনু আগু চলাৱে
বাছৰু পাছু পাছু ধায়।
শঙ্কৰ সুৰ চতুৰমুহ নমিয়ে
ওহি চৰণ গুণ গায়।।
দাম সুদাম বালক সংগে ধাৱয়ে
সংগে ৰংগে খেলে দিনা।
কৃষ্ণক দাসক দাস দীন মাধৱ
কহয় ভকতি মতি হীনা।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 4984 reads