ৰাগ - শ্রী
ধ্ৰুং- কানু ভাল মূৰুতি মাধুৰী।
এক সংগে চূৰ কৰ বিধিৰ চাতুৰী।।
পদ- শামতনু শােহে চাৰু কাঁচ ঢল ঢল।
দেখিয়া মুদ্ৰিত ভযাে নীল উতপল।।
গগণে অথিৰ চান্দ কানু মুখ দেখি।
পঙ্কজ ৰহিল জলে নয়ন নিৰেখি।।
পীত বসন শ্যাম শৰীৰে বিৰাজে।
বিজুৰী চঞ্চল ভয়াে নীল মেঘ মাজে।।
সুৱলিত ভুজযুগ দেখি লাজ পায়া।
পাতাল ভিতৰে ৰৈল বাসুকী লুকায়া।।
ৰূপৰ মাধুৰী ত্রিভুৱন শান্ত কৰে।
অমৃত লুকায়া ৰৈল দুৰ্গম সাগৰে।।
কানুৰ উপমা দিতে পাৰে কেবা জন।
কহয় মাধৱ গতি নন্দেৰ নন্দন।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1679 reads