ৰাগ - আশােৱাৰী
ধ্ৰুং- কৈছে গােৱিন্দ সেবোহু তােই ।
চঞ্চল মন মেৰি থিৰ নাহি হােই ।।
পদ- যৈছে পংকজ দলগত নীৰ ।
বিষয় লুব্ধ মন তৈছে অথিৰ ।।
ছােড়ি পামৰ মতি মতি তুৱা পাই ।
ৰূপ ৰস পৰশ শবদ গন্ধে ধায় ।।
কহয় মাধৱ হৰি কৰু মেৰি দায়া ।
চৰণে শৰণ লেহু ছােড়হ মায়া ।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1781 reads