You are here

জীৱতু জয় যশােৱানন্দন আনন্দ পাই (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ - গৌড়ী

ধ্ৰুং- জীৱতু জয় যশােৱানন্দন আনন্দপদ পাই ৷

নাচতু ছানি গােপ-গােপিনী হাতে তালি বজাই ।।

পদ- যােহি জগত জীৱজনক যাহে ন সম কোই ।

সােহি পৰম পুৰুষােত্তম ৰাথতু তনু তােই ।।

বামন পহু বাহিৰে ৰহু কৰত বিঘিনি নাশা ।

অন্তৰে তেৰি ৰাখতু হৰি কহতু কৃষ্ণক দাসা ।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত