গােপাল ভাবিযাে মন সকল যতনে (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ - ভাটিয়ালী 

ধ্ৰুং- গােপাল ভাৱিযাে মন সকল যতনে।

হৰি বিনে কেনে আন চিন্তা অকাৰণে।।

পদ - অথিৰ জীৱন ধন যৌৱন সকল।

কমলপত্ৰৰ নীৰ যৈছন চঞ্চল।।

জানিয়া ভজিয়ো মন ইসৱ তেজিয়া।

সংসাৰ সাগৰে মন নমৰ মজিয়া।।

হৰিৰ মায়াৰ ফান্দে জীৱ ভৈল বন্দী।

ই তিনি ভুৱনে পলাইবাৰ নাহি সন্ধি।।

গুণি চোঁৱা মন তুমি এৰাইবা কমনে৷

ফান্দোৱাল গােবিন্দৰ ধৰিয়াে চৰণে।।

নিজ প্রিয়তম হৰি জগত নিবাস।

ভজিয়ো চঞ্চল মন তেজিয়া আলাস।।

কহয় মাধৱ হৰি অগতিৰ গতি।

মায়াৰ ফান্দ এৰাই মন পাইবা যদুপতি।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত