ৰাগ - ধনশ্ৰী
ধ্ৰুং- কানাই খেলানে যায় মােহন মূৰুলি বায়
গজেন্দ্রগমন জিনি যায় না লাে ।
পীত ধটি কটি লোলে হান্ঠিতে আচোৰ ডোলে
ৰতন মঞ্জীৰ ঝুৰে পায়ে না লাে ।।
পদ- কনক কন্দুক হাতে খেলাই গােপিনীনাথে
নৱ ঘন জিনি তনু ৰাজে ।
চন্দন লেপিত অংগ মনােহৰ ভ্ৰুৱভংগ
পেখিতে মদন কৌটি লাজে ।।
উৰে লুলে গজমতি মানিক মুখেৰ জ্যোতি
জিনি কোটি পূর্ণিমাক ইন্দু।
হাসিতে অমিয়া ঝুৰে উচ্চায়া পঞ্চম সুৰে
প্রেমেৰ মূৰুতি সুধাসিন্ধু ।।
সুষম কপােল মাজে মলয় তিলক সাজে
চান্দেৰ উপৰে যেন চান্দ ৷
নয়ন পঙ্কজ যোৰ দশন কুন্দেৰ কোৰ
কানুমুখ ঐছন সুচান্দ ।।
ব্ৰজেৰ জীৱন ধন গােকুল কামিনী মন
মােহন মূৰুতি মদন।
ভকতি মিনতি হীন কহয় মাধৱ দীন
গতি মেৰি নন্দেৰ নন্দন।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1813 reads