ৰাগ - ললিত
ধ্ৰুং- গােপাল খেলে বালক সংগে ।
মােহন বেণু পূৰে মন ৰংগে ।।
পদ- শ্যাম শৰীৰে শােভে পীতবাস ।
ভুৱন ভুলি কয়ো পৰকাশ ।।
ঠমকে চলয়ে দুহোঁ অৰুণ পাৱ।
ৰুণ ঝুণ কয়াে নূপুৰ ৰাৱ।।
হৃদয়ে হাৰ লুলে গজমতি।
পেখি মােহ ভয়ো ব্রজ যুৱতী।।
মাধৱ দাস কহে শুনহ মুৰাৰি।
ভকতি দান দেহু কৰােহোঁ গােহাৰি।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2122 reads