|| ঘোষা ||:
ৰাগ ।। ভাটিয়ালী
ধ্ৰুং -বুঢ়া ভাই হৰিগুণ গাই নাচা।
কোন দিন ইটো শৰীৰ পৰয়
আৰ কি বাট চাই আছা।।
|| পদ ||:
পদ- আয়ু দিলে ভাটি হাতে লৈলা লাঠি
হাষ্ঠিতে নচলে পাৱ।।
ভাগিল মাণ্ডলি আগ গৈল হালি
ধনু ফান্দ দিলা গাৱ।।
ছাল সােটাসােট হাড় গােটা গােট
কোটৰে লুকাইল আখি।
তেজ বল মাংস গাৱতে লুকাইল
তথাপি নােলােৱা সাক্ষী।।
শুখাই গৈল আন্ত মুখে নাসে মাত
দান্তৰাে নাহি অৱস্থা।
কাস ধূল ধূল সৰি গৈল চুল
লৰ বৰ কৰে মাথা।।
বীভৎস শৰীৰ আখি ঝুৰে নীৰ
তিনি থানে ভৈল বাগ।
কহয় মাধৱ সবেও মৰিব ।
তথাপি বুঢ়াসে আগ।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত।