You are here

কমনে বিছুড়ি মন ৰহু ৰাম ৰায়া (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত )

ৰাগ | গৌৰী 

ধ্রুং - কমনে বিছুড়ি মন ৰহু ৰামৰায়া ।

ভাৰতবৰিষে মানৱীতনু পায়া ।। 

 

পদ - দেৱে নাহি তনু মানৱী পায় ।

নাম চিন্তামণি হাতে হেৰায় ।। 

জানি ৰামচৰণে কৰু আশা ।

কহতু মাধৱ হৰিদাসকু দাসা ৷৷

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত