|| ঘোষা ||:
ৰাগ ।। ভাটিয়ালী
ধ্রুং - মােকে ইবাৰ কৰুণা কৰাঁ নাৰায়ণ
কৰুণাসাগৰ স্বামী।
তােমাৰ অভয়-চৰণে শৰণ
আশা কৰি আছোঁ আমি।।
পদ— সনতকুমাৰ নাৰদ অনন্ত
শংকৰ শুক সনন্দে।
তােমাৰ অৰুণ চৰণপংকজে
সেৱন্ত কত প্রবন্ধে।।
তাসম্বাক দেখি তােমাৰ চৰণ
সেৱিৱাক কৰোঁ আশা।
সিংহৰ গতিকক্ষুদ্র মূষ হুয়া
ইচ্ছা কৰোঁ মতিনাশা।।
মােৰ দুৰাচাৰ ভকতৰাে নষ্ট
নাহি বুলি আছা বাণী
মই দুৰাচাৰ তােমাক ভজিতে
আশা কৰোঁ তাকে জানি।।
তুমি সত্যব্রত আপুনাৰ নিজ |
বচনক সত্য কৰাঁ।
তােমাৰ দাসৰাে দাসৰ কিংকৰ
বুলি মােকপ্রভু ধৰাঁ।।
তােমাৰ অনাদি অবিদ্যা-তিমিৰে
অন্ধ কৰি আছে মােৰে।
তােমাক নজানি দেহক মই বুলি
মজিলোঁ এ দুখ ঘােৰে।।
সন্তৰ সঙ্গতি তুৱা পাৱে ৰতি
পৰম প্রসাদ দিয়াঁ।
কহয় মাধৱ ইবাৰ গােবিন্দ
দাস কৰি মােক নিয়াঁ।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1591 reads