|| ঘোষা ||:
ৰাগ ।। শ্যামগোড়া
ধ্রুং - সই বনে বনমালী ধেনু চৰাৱত
বেণু বজাৱত ৰংগে।
শৰীৰ নির্মল ভুৱন উজ্জ্বল
কৈলা কানু কালা অংগে।।
|| পদ ||:
পদ- নয়ন কমল বয়ন উজ্জ্বল
জিনি কোটি এক শশী।
সুৱলিত ভুজ দেখিয়া মৃণাল
ৰহিল পংকত পশি।।
এমন সুচান্দ জুড়াৰ টালনি
দেখিয়া পৰাণ হালে।।
নটবৰ জিনি সুবেশ সাজনি
ৰূপে কোটি কাম জিনে।
হৰিপদ-কমলৰ মধুকৰ
কহয় মাধৱ দীনে।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2080 reads