|| ঘোষা ||:
ৰাগ ।। ধনী
ধ্রুং - পৰভাতে বিহাৰে চলে মূৰাৰি।
মধুৰ নটবৰ বেশধাৰী।।
|| পদ ||:
পদ- শিৰে ময়ুৰৰ পুচ্ছ লুলে।
কুসুম কর্ণিকাৰ কৰ্ণমূলে।।
কনক পিশংগ বসন ভালা।।
উৰে লুলে বৈজয়ন্তী মালা।।
অধৰ সুধা বেণুৰন্ধ্ৰ পূৰে।
সুৰস পঞ্চম অমিয়া ঝুৰে।।
সংগে অলেখ গােৱালগণে।
দিশ দশ পূৰয় হৰিকীর্তনে।।
নিজপদ ৰঞ্জিত বিৰিন্দাবনে।
হৰি প্ৰৱেশিলা ৰংগ মনে।
কহে মুৰুখ মাধৱ দাসে।
হৰিপাদপদ্ম মকৰন্দ আশে।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2047 reads