কেমনে পাইবোঁ হৰি চৰণ তােৰে (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত )

ৰাগ । তুৰ-ভাটিয়ালী

ধ্রুং- কেমনে পাইবো হৰি চৰণ তােৰে।

এ দুখসাগৰে উদ্ধাৰা মােৰে।। 

 

পদ- এ ভৱ আটোপ অৰণ্য মাজে।

কালব্যাধে মৃগ মাৰিতে সাজে।। 

হামু পশু মায়াজালত বন্দী। 

নাহি নাহি দেখোঁ পলাইতে সন্ধি।। 

কাম ক্রোধ কুত্তা কামুৰি খায়। 

বিষয় বিষ লাগি এ জীৱ যায়।। 

ৰূপ ৰস আদি এ পঞ্চ বাণে।

হৃদয় মাজে হমু ফুটলি টানে।। 

পাপ পূণ্য ভৈল এ বৰ ডােৰে৷ 

গলাৰ মাজে ছান্দি বান্ধিল মােৰে।। 

কালব্যাধে ধৰি লৈ যায় টানি।। 

ৰাখু ৰাখু মােক শাৰঙ্গপাণি। 

কালৰো কাল তুমি চাহেব হৰি। 

নাহি নাহি আন তােমাত সৰি।। 

জানিয়া শৰণ লৈলো তােমাৰ পাৱে। 

দীন মাধৱ দাসে এ ৰস গাৱে।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত