You are here

মােহে ৰে মন মদনগােপালা (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ — মাউৰ ধনশ্ৰী

ধ্রুং: -

মেহে ৰে মন মদনগােপাল।

হৃদয়ে হেমহাৰু বনমালা।।

পদ: -

মােহন কদম্বতলে মােহন কানাই ।

মােহন মধুৰ বেণু পঞ্চমে গায় ।।

মােহন বিৰিন্দাবনে মােহন কালিন্দী ।

পেখি মােহন কানু ভুলল গােপিনী ।।

বেদ শিৰােমণি যাৰ চৰণ বিকাশে ।

সাে হৰি গােকুলমহ পৰকাশে ।।

হৰিকহু চৰণ-ৰেণুক অভিলাষা ।

কহতু মাধৱ হৰিদাসকু দাসা ।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত