ৰাগ - অহিৰ
ধ্ৰুং-
গােৱিন্দ চিন্তহু বালগােপালং।
ৰতন তলপমহ শয়নে ৰহতু হৰি
পংকজনয়ন বিশালং ।।
পদ-
কৰপংকজ যুগ ধৰি পদপংকজ
বয়নপংকজে নিৱেশিতং।
মুনিবৰ কৈছন ছােড়ি অমিয়া মঝু
পাদপংকজ ৰস পীতং।।
ওহি মন ভাবি পৰম ৰতি কৌতুকে
নিজপদ পংকজ পানং।
বালক কেলি অমিয়া ৰস সাগৰ
মাধৱ কহে পৰমাণং।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2106 reads