|| ঘোষা ||:
ৰাগ ।। গৌড়ী।
ধ্রুং - ৰাধাকু আগু হৰি বােলত চাতুৰী।
তুমহি ৰাধে হামাকেৰি কৈছন
ভূষণ কয়লি চুৰি।।
|| পদ ||:
পদ- হামাৰি ওহি গােকুলমহ
ৰাধা বাঢ়লি চোৰ।
একা হামু শুতিয়ে ৰহলহি
ভূষণ কয়লি চুৰি মােৰ।।
দিৱস সময়েকহু ৰাজবাট মহ
সাহস ঐছন তােই।
ৰয়নী সময়েকহু তােহাৰি ৰাধে
চুৰি কৰিতে কোন হুই।।
হামু বিচাৰ কয় দেখল আৱৰি।
চোৰ ৰাধা বিনু নাই।
ঘৰহি ঘৰহি সব ফিৰত চকোৱা
ঐছন বাত জনাই।।
গােপয়ে নাহি পাৰি মেৰি ভূষণ
দেলহ মাৱকু ঠাই।
নন্দ-নন্দনকহু ঐছন খেলন।
দীন মাধৱ দাস গাই।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2022 reads