কদম্ব তৰুতলে নৱীন নীৰদ ৰুচিৰ সুন্দৰ শ্যাম (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ - কেদাৰ

ধ্ৰুং- কদম্ব তৰুতলে নৱীন নীৰদ ৰুচিৰ সুন্দৰ শ্যাম।।

ভুৱন-মােহন মূৰুতি মনােহৰ কতিহাে নাহি উনাম।।

পদ- ভুৱন মনােহৰ নয়ন চঞ্চৰ

বয়ন চান্দ উজোৰ।

হাসিতে অমিয়া বৰিষে পেখি সখি

জীৱন নাৰহে মােৰ।।

কতনা যতনে বিধি নিৰমিল

সুন্দৰ কানুক ৰূপ৷

পেখিতে লাৱণ্য লাজ ভয়ো পুনু

কোটি মন্থথ চুপ।।

ৰতন ভূষণ যৈছে নিৰমল

গগণে তাৰা শুহায়।

কহ্য় মাধৱ হামাৰি মজু মন

নন্দ নন্দন পায়।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত