ৰাগ - কেদাৰ
ধ্ৰুং- কদম্ব তৰুতলে নৱীন নীৰদ ৰুচিৰ সুন্দৰ শ্যাম ।।
ভুৱন-মােহন মূৰুতি মনােহৰ কতিহাে নাহি উনাম ।।
পদ- ভুৱন মনােহৰ নয়ন চঞ্চৰ
বয়ন চান্দ উজোৰ ।
হাসিতে অমিয়া বৰিষে পেখি সখি
জীৱন নাৰহে মােৰ ।।
কতনা যতনে বিধি নিৰমিল
সুন্দৰ কানুক ৰূপ ৷
পেখিতে লাৱণ্য লাজ ভয়ো পুনু
কোটি মন্মথ চুপ ।।
ৰতন ভূষণ যৈছে নিৰমল
গগণে তাৰা শুহায় ।
কহ্য় মাধৱ হামাৰি মজু মন
নন্দ নন্দন পায় ৷৷
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2036 reads