|| ঘোষা ||:
ৰাগ ।। ভাটিয়ালী
ধ্রুং - হৰি তেৰি লীলা বিপৰীত।
সুমৰিতে হামাৰ আকুল কৰে চিত।।
|| পদ ||:
পদ- অনন্ত ব্রহ্মাণ্ডপতি হৈয়া আপুনে।
ধৰিলা লৱণুচোৰ নাম কেবা গুণে।।
ব্রহ্মা হৰে আৰাধে যাহাৰ দুই পাৱ।
সে তুমি লৱণু মাগা গােৱাৰিক ঠাৱ।।
কাল মায়া কাম্পে যাৰ নাম সুমৰণে।
যশােৱাৰ ভয়ে তুমি কম্পা কি কাৰণে।।
যাৰ মায়াপাশে বন্দী সকল সংসাৰ।
সে তুমি বন্ধন কেনে লৈলা যশোদাৰ।।
যাৰ আজ্ঞা পালে চৰাচৰ নিৰন্তৰে।
কেনে ধেনু ৰাখা তুমি গােৱালীৰ ঘৰে।।
গৰুড় বাহনে গতি সদাই যাহাৰ।
সে তুমি গােপীক বহা ই কোন বিহাৰ।।
জানিলোঁ কেৱলে তুমি ভকতিৰ বশ্য।
সকল নিগমে প্রভু ই বৰ ৰহস্য।।
কহয় মাধৱ দাস কঠিন পামৰ।
তােমাৰ দাসৰাে দাস ভৈলাে দামােদৰ।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত