জয়তি পৰমানন্দ এ নন্দকুমাৰ (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ ।। সিন্ধু

ধ্ৰুং: -

জয়তি পৰমানন্দ এ নন্দকুমাৰ।।

নিগম নিগুঢ় হৰি ভয়াে অৱতাৰ।।

পদ:-

তেজিয়া বৈকুণ্ঠপুৰী এ চিদ্ বিলাস

কি লাগি কমলাপতি ব্রজে কৈলা বাস।।

শংখ চক্র গদা পদ্ম তেজি অস্ত্র চাৰি।

কি লাগি ভৈলাহা শিঙা-বেত-বেণুধাৰী।।

কোটি কোটি ব্রহ্মাণ্ডৰ তেজিয়া বিভূতি।

কি লাগি হইলা প্রভু গােপেৰ মূৰুতি।।

যাৰ আজ্ঞাবাণী ব্রহ্মা হৰে শিৰে ধৰে।

সােহি আজ্ঞা পালা কেনে গােৱালীৰ ঘৰে।।

যাৰ পদৰেণু শিৰে ধৰে দিকপাল।

সােহি প্রভু ভৈলা কেনে ব্রজে ৰাখােৱাল।।

কহয় মাধৱ দাস দীন মতিহীনা।।

সহজে দয়ালু হৰি ভকতি অধীনা।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত