কদম্ব তলে সই শ্যাম সাজে। (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত )

ৰাগ ।। ভাটিয়ালী 

ধ্ৰুং - কদম্ব তলে সই শ্যামল সাজে। 

বয়ন হেৰি চান্দ সূৰুজ লাজে।। 

 

পদ - নীল কুন্তলে বান্ধিছে জুড়া। 

চৌভিতি লুলে ময়ূৰপুচ্ছ চূড়া।। 

মালতী মালা চাৰু শােভিত মাথে। 

গেন্দুৱা লুম্ফি লুম্ফি ধৰয় হাতে।। 

বলাইৰ হাতৰ খসি গেন্দুৱা পৰে। 

হাসিৰ খলখলি অধিকে চৰে।। 

পানীৰে যাইতে সই দেখিলো গৈয়া। 

কৌতুকে হিন্দোল পাৰে হামাৰ হিয়া।। 

অমিয়া ঝুৰে ধাৰে কানাইৰ পাৱে।

কতনা মাধুৰী আছে কালিয়াৰ গাৱে।। 

হামাৰ কৰ্মৰ ফলে মিলাইল বিধি। 

কহয় মাধৱ হৰি প্রেমেৰ নিধি।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত