গােপাল গােৱালী পাৰাতে নাচে (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ - ভাটিয়ালী

ধ্ৰুং- গােপাল গােৱালী পাৰাতে নাচে।

চৰণ চলাই নূপুৰ বজাই মধুৰী মধুৰী হাসে।।

পদ- পীত ধতি কটি কাছনী কাছিয়া

আগু পাছু লাসে চাৱে।

বালকৰ ভাৱ দেখায়া কানাই

গােপীৰ মন ভুলাৱে।।

দধি বিকি আসি শুনিল গােৱালী

হৰি নাচিবাৰ কথা।

পসাৰ পেলাই লৱৰন্তে যাই

কৃষ্ণক বেঢ়িল তথা।।

সৱ গােপী মিলি বাৱে হাত তালি

বােলে ভাল কৰি নাচা।

হাতে তাৰ খাৰু দিব চিনি লাৰু

বাপু পূৰি তােৰ বাঞ্ছা।।

গােপীৰ বচনে বৰ লােভ পাই

নাচিল নানান ভাৱে।

কহয় মাধৱ আন গতি নাই

ভজ গােৱিন্দৰ পাৱে।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত