ভাই দেখাে পৰমানন্দ পৰম সাদৰে (মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত)

ৰাগ ।। সিন্ধু

ধ্রুং: -

ভাই দেখাে পৰমানন্দ পৰম সাদৰে।

বৈকুণ্ঠেৰ পতি বৃন্দাবনে কেলি কৰে।।

পদ:-

কহিতে বিস্ময় বিপৰীত শুনিবাৰ।

কোথা শুনিয়াছা ভাই ব্ৰহ্মৰ বিহাৰ।।

অনুমানে কহে যাক সকল নিগমে।

সােহি হৰি কেলি কৰে গােপ শিশু সমে।।

নিত্য শুদ্ধ বুদ্ধ নিৰঞ্জন নিৰাকাৰ।

শুনিতে কৌতুক বৰ ব্রহ্মেৰ বিহাৰ।।

যিটো জগতৰ অন্তর্যামী সর্বসাখী।

তাহেৰ ভূষণ গুঞ্জা গেৰু মৈৰা পাখি।।

যাহাৰ প্রকাশে চৰাচৰ প্ৰকাশয়।

গােপবেশে কাছে দেখাে সােহি কৃপাময়।।

আত্মাৰ বিনােদ শুনিবাৰ বিপৰীত।

হৰিপদে মজি ৰহু মাধৱৰ চিত্ত।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত