শুনলাে যশােৱা মাই বচন হামাৰি (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। ধনী

ধ্রুং - শুন লাে যশােৱা মাই বচন হামাৰি।

কি পুণ্য কৰিয়া পাইলা তনয় মূৰাৰি।।

|| পদ ||: 

পদ- সুৰাসুৰ মুনি যাৰ চৰণ ধিয়ায়।

সহস্র বয়নে সদা যাৰ গুণ গায়।।

চাৰি বেদে বিচাৰি নপাৱে যাৰ অন্ত।

তােৰ ঘৰে ধেনু ৰাখে হেন ভগৱন্ত।।

নিত্য নিৰঞ্জন দেৱ পুৰুষ পুৰাণ।।

ই তিনি ভুৱনে যাৰ নাহিকে সমান।।

কোটিব্রহ্মাণ্ডেৰ পতিনাথ নাৰায়ণ।

সাে হৰি বয়নে তুহোঁ কয়লি চুম্বন।।

তিনি গুণ হীন প্রভু যােহি দামােদৰ।

কোটি ব্রহ্মাণ্ড বসে যাহাৰ উদৰ।।

যাৰ মায়াপাশে বন্দী হৈ তিনি ভুৱন।

সাে হৰি উড়ালে তুমি কয়লি বন্ধন।।

যাৰ নাম লৈলে সুখে তৰে পাপীজন।

সােহি প্রভু তােৰ কোলে চৰি খাইল তন।।

কহয় মাধৱ দীন শুন হেৰ মাই।

তুহুঁসম ভাগ্যৱতী আৰ কেহোঁ নাই।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত