আলাে শুনা গােৱালেৰ জায়া (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ ।। ভাটিয়ালী 

ধ্ৰুং- আলাে শুন গােৱালেৰ জায়া বােলয়ে গােপালে।

আমাৰ গাৱে ধূলা দিলে তােমাৰ ছৱাল।। 

পদ- কোনাে কালে কাৰাে আমি বােলা নাহি তই।

এতখানি বস্তু পাইলে বাটিয়া খাওঁ মই।। 

মাগি আনি দধি-দুগ্ধ তাৰাে বন্টা খায়। 

তথাপি তােমাৰ ছৱা ধূলা দিলা গায়।। 

তােমাৰ ছৱা লৈয়া আমি মাৱৰ আগে যাইবো।

পৰৰ দোষে কেনে আমি আপুন মাৰণ খাইবো।। 

তুমি সবে জানা ভালে আমাৰ মাৱেৰ কথা। 

শুনিয়া গােপীৰ বৰ লাগি গৈল বেথা ৷৷ 

ধূলা জাৰি তুলিয়া বুলিলা প্রিয় বাণী। 

দধি দুগ্ধ লৱণু খাইবাৰ দিলা আনি।। 

বুন্দা কৰি আনন্দে ভুঞ্জিলা পেট পূৰি। 

কহয় ​ মাধৱ ওহি হৰিৰ চাতুৰী।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত