ৰাগ - শ্যাম
ধ্ৰুং- তেজ ৰে কমলাপতি পৰভাতে নিন্দ।
তেৰি চান্দ মুখ পেখোঁ উঠৰে গােৱিন্দ।।
পদ- ৰজনী বিদূৰ দিশ ধৱলি বৰণ।
তিমিৰ ফেড়িয়া বাজে ৰবিৰ কিৰণ।।
শতপত্র বিকশিত ভ্ৰমৰা উড়ায়।
ব্রজবধু দধি মথে তুৱা গুণ গাই।।
দাম সুদামে ডাকে তেৰি লৈয়া নাম।
হেৰ দেখ উঠিয়া আসিল বলৰাম।।
নন্দ গেল বাথানে গােৱাল গেল পাল।
সুৰভী চাৰিতে লাগে উঠৰে গােপাল।।
ক্ষীৰ লৱণু লৈয়া শিঙা বেত বেণু।
সকালে মেলিয়ো বৎস হাম্বালাৱে ধেনু।।
কহ্য় মাধৱ মাই কিনাে তপসাইলা।
ত্রিজগত পতি হৰি ৰাখােৱাল পাইলা।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 4158 reads